সমস্তিবাদী অৰ্থবিজ্ঞান। চৰকাৰী বাজেট আৰু অৰ্থনীতি ৫ | Economics Solution Ebook Class 12

সমস্তিবাদী অৰ্থবিজ্ঞান। চৰকাৰী বাজেট আৰু অৰ্থনীতি ৫ | Economics Solution Ebook Class 12






MODEL 
ANSWER BANK CLASS

SOLUTION OF COUNCIL'S QUESTION BANK

MODEL QUESTION BANK

Prepared by :

ASSAM HIGHER SECONDARY EDUCATION COUNCIL

For

HS 2nd YEAR EXAMINATION AS PER NCERT/AHSEC SYLLABUS

অর্থনীতি বিজ্ঞান

PREPARED

Sangita Baishya, M.A.





প্রকাশকৰ ফালৰ পৰা দুআষাৰ

সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) প্রস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁথনি (NCF-2005) ৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) যথেষ্ট পৰ্যালোচনাৰ অন্তত শেহতীয়াকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। উচ্চতৰ মাধ্যমিক প্রথম বাৰ্ষিক আৰু দ্বিতীয় বার্ষিক ছাত্র-ছাত্ৰীসকললৈ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত গুণগত শিক্ষা আগবঢ়োৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত গোলকীয় যুগৰ প্ৰয়োজনীয়তা পূৰাবলৈ “অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে” ইয়াৰ পাঠ্যক্ৰম আৰু পাঠ্যসূচী সংশোধন কৰি উলিয়াইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা তথা প্রশিক্ষণ পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ (UGC) দৰে গৱেষণা প্রতিষ্ঠানবোৰত নতুন পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰৱৰ্তন কৰিবৰ বাবে অবিৰতভাবে প্ৰয়াস আৰম্ভ হৈছে। এনে প্রচেষ্টাই প্রয়োজনীয় জ্ঞানৰ বিকাশ ঘটোৱাৰ লগতে ছাত্ৰ সমাজৰ শৈক্ষিক মান উন্নত কৰাত সহায় কৰিব।

উচ্চতম মাধ্যমিক দ্বিতীয় বার্ষিক চূড়ান্ত পৰীক্ষাৰ্থীসকলৰ সুবিধার্থে AHSEC এ 2011-12 বৰ্ষৰ ‘MODEL QUESTION BANK' প্ৰস্তুত কৰি উলিয়াইছে। সংসদে প্ৰকাশ কৰা MODEL QUESTION BANK পুথিখনত পাঠ্যপুথিৰ (Text book) প্ৰতিটো গোটৰ / অধ্যায়ৰ অতি চমু প্রশ্ন, চমু প্রশ্ন আৰু ৰচনাধৰ্মী প্ৰশ্নৰ উপৰিও একোখনকৈ ‘Model Sample Question Paper' প্ৰস্তুত কৰি উলিয়াইছে। AHSEC ৰ Model Question Bank পুথিখনৰ পৰা আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতত (Question Paper) প্রশ্ন নির্বাচিত হ’ব আৰু সেইমতেই মূল্যাংকন হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধার্থে AHSEC তথা সংসদে সংকলন কৰি উলিওৱা MODEL QUESTION BANK পুথিখনৰ আধাৰত আমি BLJ MODEL ANSWER BANK প্রস্তুত কৰি উলিয়াইছো। BLJ MODEL ANSWER BANK পুথিখনত সংসদৰ Question Bank ৰ সকলো প্রশ্নোত্তৰ (A to Z) অন্তভুর্ক্ত কৰাৰ উপৰিও উত্তৰসমূহ প্ৰস্তুত কৰোঁতে গুণগত দিশৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। প্রশ্নোত্তৰসমূহ To the point অনুসৰি, সহজ-সৰল ভাষাত, বুজিবলৈ আৰু মনত ৰাখিবলৈ সহজ হোৱাকৈ সংকলন কৰা হৈছে।

আমাৰ প্ৰকাশনে ১৬ বছৰ সম্পূৰ্ণ কৰিলে

বর্তমান প্রচলিত শিক্ষা ব্যৱস্থাত পৰীক্ষাৰ গুৰুত্ব সৰ্বাধিক। পৰীক্ষাৰ ফলাফলেই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ জীৱনত প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰকাশনে প্রত্যেক বছৰে স্কুল, কলেজ (SEBA, Gauhati University, Dibrugarh University)ৰ 300 খনতকৈ অধিক পাঠ্যপুথি (Textbook), প্ৰসংগপুথি, MODEL BOOKS, ANSWER BANK আদি প্ৰকাশ কৰি আহিছে। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে আমাৰ বৰ্তমান প্রচলিত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে বিষয়বস্তু সম্পর্কে পদ্ধতিগত জ্ঞান আৰু উত্তৰ লিখাৰ দক্ষতাৰ ওপৰত। এইক্ষেত্ৰ ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মূল পাঠ্যপুথি (Textbook) অতি প্রয়োজনীয়। কিন্তু বাস্তৱক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ উপস্থাপনৰ প্রয়োজনীয় জ্ঞানসমূহ মূল পাঠ্যপুথিত প্রত্যক্ষভাৱে লাভ কৰিব নোৱাৰে। এই উদ্দেশ্য আগত ৰাখি ‘BLJ MODELANSWER BANK' কিতাপখন প্ৰস্তুত কৰা হৈছে যাতে পৰীক্ষাৰ আগমুহূৰ্তত ছাত্র-ছাত্রীয়ে বিষয় এটা কেনেকৈ প্ৰস্তুতি চলা তথা পৰীক্ষাগৃহত হতাশ নোহোৱাকৈ কেনেকৈ প্রশ্নকাকতখন সীমিত সময়ৰ ভিতৰত সমাধান কৰিব পাৰিব। এই ক্ষেত্ৰত উপদেষ্টা মণ্ডলী, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বিশেষভাৱে নিৰ্বাচিত অভিজ্ঞ শিক্ষক -শিক্ষয়িত্ৰী, পৰীক্ষক তথা অভিভাৱকৰ পৰামৰ্শ লোৱা হৈছে। তথাপি অজানিতে ভুল – ত্রুটি ৰৈ যোৱাটো স্বাভাৱিক। এই দিশত শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সহায়-সহযোগিতা তথা পৰামৰ্শ আদি লিখিত আকাৰত আমাৰ প্ৰকাশনৰ ঠিকনাত পঠালে ভৱিষ্যতে এই গ্ৰন্থৰ মান অধিক উন্নত কৰাত সহায় হ’ব।




পৰীক্ষাৰ্থীসকলৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ।




পুথিখনৰ বৈশিষ্ট্যসমূহ


  1. উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিক পৰীক্ষাৰ বাবে প্ৰৱৰ্তিত AHSEC তথা সংসদৰ শেহতীয়া নতুন পাঠ্যক্রম (New Syllabus) আৰু নম্বৰ বিতৰণৰ তালিকা (Mark Distribution) দিয়া হৈছে।
  2. AHSEC এ প্ৰকাশ কৰা Question Bank পুথিখনৰ সকলো প্ৰশ্নৰ উত্তৰ (A to Z) দিয়া হৈছে।
  3. AHSEC এ প্ৰকাশ কৰা প্ৰতিটো বিষয়ৰ Model Sample Question Paper ৰ সম্পূর্ণ সমাধান।
  4. যোৱা বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ (HS 2nd Year Final Examination) প্রশ্নকাকতৰ সম্পূৰ্ণ সমাধান।


Post a Comment

0 Comments

close